Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 9:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।

অধ্যায়টো চাওক কপি কৰক




মথি 9:35
12 পৰস্পৰ সংযোগসমূহ  

সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷


তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।


অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।


এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ’ল।


হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷


তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।


যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।


যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।


যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন