Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মথি 9:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰস চামৰাৰ পুৰণি মোটত নথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”

অধ্যায়টো চাওক কপি কৰক




মথি 9:17
8 পৰস্পৰ সংযোগসমূহ  

চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।


কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।


“কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”


যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”


পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।


পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু মোটো নষ্ট হব।


নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।


তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন