Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 7:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।

অধ্যায়টো চাওক কপি কৰক




মথি 7:26
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”


জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?


কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে?


সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।


জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।


সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।


সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।


পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।


পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন