2 তেওঁ মাত লগাই তেওঁলোকক এই বুলি উপদেশ দিবলৈ ধৰিলে,
পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবেই এইদৰে ঘটিল - মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।
তেতিয়া যীচুৱে বহু লোকৰ ভিৰ দেখা পাই পাহাৰৰ ওপৰলৈ গ’ল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকল তেওঁৰ ওচৰলৈ আহিল।
তেতিয়া পিতৰে মাত দিলে আৰু কলে, “ইয়াকে মই নিশ্চয়কৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।
মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷