60 আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ’ল।
‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।”
‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল।
পাছত যোচেফে দেহ লৈ, শণ সূতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে,
তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।
চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে।