Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মথি 25:44 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

44 তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’?

অধ্যায়টো চাওক কপি কৰক




মথি 25:44
14 পৰস্পৰ সংযোগসমূহ  

তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা।


তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’


তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”


যিহোৱাই পুনৰ কৈছে, “তোমালোকে মোৰ অহিতে টান টান কথা কৈছা।” কিন্তু তোমালোকে কৈছা, ‘আমি তোমাৰ অহিতে কি কলোঁ?’


এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।


অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’।


তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।


ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।


সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?


কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন