50 তেনেহলে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ৰ বিষয়ে সি নাজানে, সেই সময়তে তাৰ প্ৰভু আহি,
এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
যদি তাৰ সহদাস সকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে,
তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷