41 দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোতে এজনীক গ্ৰহণ কৰা হব আৰু এজনীক ত্যাগ কৰা হ’ব।
দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব।
ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।
তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব আৰু এজনক ত্যাগ কৰা হ’ব।