46 তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।
পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।
তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷
কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল।
সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
‘মই তোমাৰ পিতৃপুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।’ মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।