Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 21:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;

অধ্যায়টো চাওক কপি কৰক




মথি 21:8
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”


তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”


আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।


গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।


অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।


আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন