12 “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
তোমালোকে পুনৰ কৈছা, ‘এয়া কি যে কষ্টকৰ’ আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূর্ণ হেষ্রাধ্বনি (নাকেৰে কৰা শব্দ) কৰা;” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকেতো লুট কৰা, খোৰা আৰু ৰোগীয়া পশু আনি বলি উৎসৰ্গৰ কাৰণে দিয়া! মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম?” ইয়াক যিহোৱাই কৈছে,
তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীসকলৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল?
সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে,
দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।
তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।
প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব।
এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।