21 তেতিয়া যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।
তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
“উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহুদীয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।