17 তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া সিদ্ধ হ’ল:
এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।
আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে।
“ৰামাত এটা মাত শুনা গ’ল, বিলাপৰ ৰোল আৰু মহা-শোক, ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু তেওঁ সান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই।”
তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ‘ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ ত্রিশ টা ৰূপৰ মুদ্ৰা সিহঁতে ললে,