19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?
এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’
নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;