মথি 19:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201917 যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।” অধ্যায়টো চাওক |
আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।