Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 19:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”

অধ্যায়টো চাওক কপি কৰক




মথি 19:14
18 পৰস্পৰ সংযোগসমূহ  

“মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷


হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।


তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।


সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।


আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”


কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।


সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;


সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।


ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে।


কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”


আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।


ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।


ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।


মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন