Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 19:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।

অধ্যায়টো চাওক কপি কৰক




মথি 19:10
15 পৰস্পৰ সংযোগসমূহ  

এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷


অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল।


দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।


দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।


যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।


তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”


সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”


যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন