14 এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে”। যীচুৱে তেওঁক ক’লে, “মোৰ মেৰ-পোৱালি সকলক চৰোৱা।”
এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।
প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷