1 ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ’ল।
যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে।
তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ।
আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।