14 এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে, ‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা; দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই; চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।
“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
তাতে তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”