2 ইয়াকে দেখি ফৰীচী সকলে তেওঁক ক’লে, “চাওক, বিধানৰ মতে বিশ্ৰামবাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
যদি তুমি মোৰ বিশ্ৰাম-দিনৰ ভ্রমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা। যদি যিহোৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু যিহোৱা বিষয়ক পবিত্র আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলষিত চেষ্টা নকৰি, আৰু নিজৰ কথা নকৈ তাক মান্য কৰা,
তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক পাপ কৰাৰ অপৰাধত দোষ দিবৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে?”
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।
ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”