16 এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী, কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?
যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ’ব।”
হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’ সম্বোধন কৰিলে তেওঁলোকে ভালপায়।
মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ’ব।
তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ
যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।
তাৰ পাছত যীচুৱে ক’লে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?