Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 1:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।

অধ্যায়টো চাওক কপি কৰক




মথি 1:25
10 পৰস্পৰ সংযোগসমূহ  

পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।


তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল।


তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”


তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।


“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”


কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;


পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।


চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।


এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।


এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল৷ তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁৰ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন