Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিলা 3:43 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

43 তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।

অধ্যায়টো চাওক কপি কৰক




বিলা 3:43
12 পৰস্পৰ সংযোগসমূহ  

তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।


তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।


সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।


যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।


ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।


তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।


যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।


মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”


গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন