50 তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে।
সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।
সেই নগৰৰ ভিতৰত এটা দৃঢ় দুৰ্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ।
যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”
পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।