4 তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু:সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।
তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
তেওঁলোকে খেতিলৈ গৈ দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।