Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 9:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্রয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানোনৰ এৰচ গছবোৰকো পুৰি পেলাব।’

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 9:15
19 পৰস্পৰ সংযোগসমূহ  

কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।


যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।


যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।


পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।


আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে


তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিচৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰৌণৰ পৰা সুৰক্ষা বিছাৰিছে আৰু মিচৰৰ ছাঁত আশ্রয় লৈছে।


তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।


আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”


আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”


চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।


তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।


তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।


কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।


সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”


তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’


এতিয়া সেয়ে শুনক, অবীমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কার্য কৰিছে? আপোনালোকে জানো যিৰুব্বাল আৰু তেওঁৰ পৰিয়ালৰ প্রতি সুবিচাৰ কৰিছে?


কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”


অবীমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্রৱেশ-দুৱাৰৰ ওচৰত থিয় হৈ থাকিল; আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে।


সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন