9 তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।