Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 8:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 8:11
8 পৰস্পৰ সংযোগসমূহ  

আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।


অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,


এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।


যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।


পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।


তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”


সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।


জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন