বিচাৰ 7:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20192 যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’। অধ্যায়টো চাওক |
তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”