Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 7:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 7:11
15 পৰস্পৰ সংযোগসমূহ  

অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।


মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।


তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে।


চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।


সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।


ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।”


ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।


তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।


পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”


যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।


তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন