Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 6:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 6:39
14 পৰস্পৰ সংযোগসমূহ  

অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।”


তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলোঁ? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাও; মই নদীবোৰক মৰুভূমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।


এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।


তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷


কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”


সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্রাণৰ কথা অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”


কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’


পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।


পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।


তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন