Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 6:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 6:15
13 পৰস্পৰ সংযোগসমূহ  

চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”


কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”


তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”


তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”


ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;


কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।


তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”


কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;


এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।


সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”


আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল।


সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন