Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 6:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 6:11
17 পৰস্পৰ সংযোগসমূহ  

মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷


আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;


পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।


তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?


তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।


যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”


পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।


যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।


অব্বীম, পাৰা, অফ্ৰা,


গিলিয়দৰ সন্তান এইসকল: ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী


এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”


তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।


অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।


তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন