Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 3:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 3:1
20 পৰস্পৰ সংযোগসমূহ  

যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।


কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।


কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।


তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।


ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।


মোৰ প্ৰজাসকলৰ পথ পৰীক্ষা কৰি জানিবৰ বাবে, মই তেওঁলোকৰ মাজত তোমাক পৰীক্ষক কৰি দুৰ্গস্বৰূপে স্থাপন কৰিলোঁ।


আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”


কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।


আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে আপোনালোকে একেলগে পৰাস্ত নকৰিব, কাৰণ তেনে কৰিলে আপোনালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব।


তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।


আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।


অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷


হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷


মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।


যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”


যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।


এই কাৰণতে যিহোৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যিহোচূৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।


ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন