20 তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।