Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 21:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 21:14
7 পৰস্পৰ সংযোগসমূহ  

কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।


সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।


কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।


এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।


তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।


ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল।


তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন