Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 2:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 2:14
35 পৰস্পৰ সংযোগসমূহ  

পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”।


যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।


সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।


সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।


সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।


এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷


কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।


যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।


তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।


তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।


কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে?


যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।


কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”


আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।


তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।


আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে-সিজনৰ লগত খুন্দা খাই পৰিবা; আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ’বলৈ তোমালোকৰ শক্তি নাথাকিব।


এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।


এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।


আপোনালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায়, তেতিয়ালৈকে যিহোৱাই আপোনালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব।


যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।


‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে,


এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।


নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”


যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।


ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।


সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।


সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।


ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।


তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন