বিচাৰ 16:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201925 পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে। অধ্যায়টো চাওক |
পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”