11 তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।