8 কিছু কালৰ পাছত, তেওঁ যেতিয়া সেই ছোৱালীক বিয়া কৰাই আনিবলৈ পুনৰাই সেই ঠাইলৈ গৈছিল, তেতিয়া সেই সিংহৰ শৱ চাবলৈ বাট এৰি গৈ দেখিলে যে, সিংহৰ শৱৰ ভিতৰত এজাক মৌ-মাখি আৰু মৌ আছে;
তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ কামৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।”
তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা।
কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
পাছত চিমচোনে গৈ সেই ছোৱালীৰ লগত কথা বতৰা হ’ল আৰু যেতিয়া তেওঁ সেই ছোৱালী জনীক চালে তেওঁক চাই সন্তুষ্ট হ’ল।
তেতিয়া তেওঁ তাক আনি হাতত লৈ খাই খাই গ’ল আৰু বাপেক মাকৰ ওচৰ পাই তেওঁলোককো কিছু দিয়াত, তেওঁলোকেও খালে। কিন্তু তেওঁ যে সেই মৌ সিংহৰ শৱৰ পৰা আনিলে, সেই বিষয়ে তেওঁ তেওঁলোকক নক’লে।