Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 14:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 পাছত তেওঁক দেখি ফীলিস্টীয়াসকলে তেওঁৰ ওচৰত থাকিবলৈ ত্ৰিশ জন সখিয়েক আনিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 14:11
8 পৰস্পৰ সংযোগসমূহ  

যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।


তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”


তাৰ পাছত তেওঁলোক যেতিয়া আহিল, তেতিয়া চমূৱেলে ইলীয়াবলৈ চাই মনতে ক’লে, “যিহোৱাৰ আগত উপস্থিত হোৱা এই মানুহেই অৱশ্যে তেওঁৰ অভিষিক্ত জন।”


তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে, আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত, আন সকলো লোকতকৈ তেওঁ ওখ আছিল।


পাছত তেওঁৰ বাপেক সেই ছোৱালীৰ ওচৰলৈ যোৱাত, চিমচোনে সেই ঠাইতে ভোজ যুগুত কৰিলে; কিয়নো ডেকা লোক সকলৰ তেনে ধৰণৰ নিয়ম আছিল।


পাছত চিমচোনে তেওঁলোকক ক’লে, “মই তোমালোকক এটি সাঁথৰ কওঁ, তোমালোকে উৎসৱৰ এই সাত দিনৰ ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিক ৰূপে বুজাই ক’ব পাৰা, তেন্তে মই তোমালোকক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিম।


মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা। প্রিয়াৰ কথা:


মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন