বিচাৰ 11:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201934 যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল। অধ্যায়টো চাওক |
আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।