33 তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।
অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
তেতিয়া ইস্ৰায়েলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামীয়াসকলৰ মাজত মহা-সংহাৰ কৰিলে।