Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 11:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 11:21
8 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।


তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।


কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।


মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।


পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।


ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?


তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।


ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন