Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 10:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 10:18
10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।


তাইৰ প্ৰধান লোকসকলৰ ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব।


আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”


যিপ্তহে ছবছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে। পাছত গিলিয়দীয়া যিপ্তহৰ মৃত্যু হোৱাত তেওঁক গিলিয়দৰ কোনো এখন নগৰত মৈদাম দিয়া হ’ল।


যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”


তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।


সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।


কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন