15 কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।”
তুমি সাহিয়াল হোৱা; আমি স্ব-জাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ বাবে পুৰুষালি দেখুৱাওহঁক; আৰু যিহোৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে, তাকেই কৰক।”
তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
এইদৰে দায়ূদে লোকসকলক গণনা কৰোঁৱাৰ পাছত, তেওঁৰ মনে তেওঁক দোষী কৰিলে। তেতিয়া দায়ূদে যিহোৱাক ক’লে, “এই কৰ্ম কৰি মই মহা পাপ কৰিলোঁ; কিন্তু হে যিহোৱা বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ।”
তাতে দায়ূদে গাদক ক’লে, “মই বৰ ঠেকত পৰিছোঁ৷ আমি যিহোৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।”
সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।
মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?
কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।”
তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।