ফিলিপীয়া 3:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201919 তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে। অধ্যায়টো চাওক |
কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।