17 হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক।
আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;
ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু আপোনালোক যেন আমাৰ অনুকাৰী হয়, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে আপোনালোকে নিজে জানে। আপোনালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে আপোনালোকে সেই মানুহক চিনি ৰাখিব আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিব;
বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল।
হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷
সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।