4 প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই?
মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও।
কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।